Tuesday 29 October 2013

জীৱন: মোৰ জীৱন গাথাৰ বিমূৰ্ত্ত অনুভৱ



লক্ষ্য হেৰুৱা এই জীৱনশূন্যতাৰ মাজত ওলমি থকা আশা,স্তব্ধ এই পল,থুনুকা মোৰ সপোন ভগাৰশব্দত আলোড়িত মনোজগত,যুঁজত হাৰ মানিব নিবিচৰা মনোবলৰ কঠিন পৰীক্ষা,সকলো থাকিও নথকা এই অনুভৱ,পলে পলে সংগ বিচাৰি নিসংগ হোৱা এই জীৱন,সকলো জানিও নজনাৰ ভাওঁ ধৰা এই অলস জীৱন,এলাহৰ ওজনত নত হোৱা এই জীৱন,সতা ব্যস্ততাৰ মাজতো কৰ্মহীন জীৱন,চৌদিশে হাহাকাৰৰ মাজতো শান্তি বিচৰা মতলবী জীৱন,জিকি জিকি হাৰি যোৱা এই জীৱন,মৃত্যু ভয়ত পলে পলে ভয়ভীত হোৱা এই জীৱন,আশা নিৰাশাৰ মাজত বন্দী এই জীৱন,নিজৰ মাজতে আবদ্ধ এই নি:কিন জীৱন,সদায় নতুনত্ব বিচৰা একঘেয়ামী জীৱন,নিজৰ ভবিষ্যতৰ বলিদান দি আশাহত হোৱাএই জীৱন,ৰিক্ত মোৰ জীৱন,মোৰ জীৱন সুধাৰ সন্জীৱনী আজি নাই,নাই মোৰ সোনালী শৈশৱ,আছে মাথো পদে পদে বাটৰুৱাৰ পদাঘাতত ৰক্তাক্ত হোৱা মোৰ জীৱন,নিবিচৰাকৈ পোৱা বাস্তৱৰ কঠিন হাতোৰাৰ উপয্যুপৰি আঘাতত মষিমুৰ হোৱা মোৰ ধিক্কাৰ জীৱন,হয়তো বহুত শিকিলো, হয়তো বহুত হেৰুৱালো,তথাপিও শিৰনত নকৰা মোৰ মুল্যবোধৰ গধুৰ বোজা কঢ়িয়াই আগুৱাই যোৱা মোৰ আপোচবিহীন জীৱন৷,ক্ষন্তেক জিৰনী লোৱা আৰু এটা চাৰমিনাৰ জ্ৱলোৱা,ধোৱাৰ মাজত দিকবিদিক পাহৰি আকৌ জীৱনৰ কোবাল সোতত নিজক বিচৰাৰ সংগ্ৰামত বিধস্ত মই,আজি বৰ ভাগৰোৱা মই,নিজক চিনাৰ, নিজক জনাৰ,নিজক প্ৰশ্ন কৰাৰ প্ৰচেষ্টাত ভগৰোৱা মই,কিয়নোজীৱনৰ কঠিন প্ৰশ্ন মইকোন ? ৰ মোৰ কোনো উত্তৰ বিহীন মই,যাযাবৰ জীৱনৰ পটভুমিত নাট্যৰত এক ভাৱৰীয়া যেন মই,অন্তমুখী ব্যক্তিত্বৰ যেন পথৰুৱা মই,মৃত্যুমুখী যাত্ৰাত কত যে সহযাত্ৰী, তথাপিও যেন অকলসৰীয়া মই,নিসংগতাৰ বীনা বাই জনসমুদ্ৰত যেন মেলি দিছো মোৰ পালতৰা নাওঁ,হয় এই পাৰ , নহয় সিপাৰ, উৎকন্ঠাহীন মোৰ যাত্ৰা, মোৰ পৰা মোৰ অন্তৰাত্মা লৈ ৷

Wednesday 24 July 2013

বোমাতংক vs বোমানন্দ



যোৱাকালি লখিমপুৰত 2টাকৈ গ্ৰেনেড বিস্ফোৰিত হয় আৰু আন এটা সক্ৰিয় অৱস্থাত আমাৰ ঘৰৰ পৰা প্ৰায় 200 মিটাৰ দুৰত অৱস্থিত ভাৰত পেট্ৰলিয়াম তেল ডিপোত উদ্ধাৰ হয় ৷ সন্ধ্যা 8:30 মান বজাত ঘৰতে বহি টিভি চাই আছো ৷ হঠাৎ লাগিল নহয় হাহাকাৰ ৷ লখিমপুৰত ধাৰাবাহিক বোমা বিস্ফোৰন আৰু এটা ঘৰৰ পৰা নাতি দুৰত্বৰ তেলৰ ডিপোত এই ফুটে এই ফুটে অৱস্থাত ৷ ভয়তে বুকু কপি উঠিল ৷ এনেতে ভাইটিয়ে বোলে ব'ল চাই আহো, ডিপোত ফুটিলে ঘৰৰ ভিতৰত থাকিলেও মৰন নিৰ্ঘাত ৷ গলেও মৰিম নগলেও মৰিম, গতিকে গৈ মৰাই ভাল হব, অন্তত যমক হাইলাইট জনাব পাৰিম বুলি ঘৰত থকা অৱস্থাতে ওলায় গ'লো ৷ ঘটনাস্থলত উপস্থিত হৈ দেখো লোকে লোকাৰন্য হৈ আছে ৷ ডেকা গাভৰু বুঢ়া বুঢ়ী কে ধৰি সকলোৱে বোমা চাবলৈ আহিছে ৷ সকলোৰে মনত বিৰাট ফুৰ্তি ৷ দীপাৱলীত যে চকলেট বোমাৰ শলিতা জ্বলাই দলিয়াই দিয়াৰ পাচত এই ফুটিব এই ফুটিব ভাৱ এটা হয় তেনে ভাৱ এটাৰে সকলো ৰাইজ উৎকন্ঠিত হৈ আছে ৷ দুই এজনৰ লগত কথা পাতিলো ৷ সকলোৱে বোমাটোৰ আকাৰ বঢ়াই বঢ়াই গৈ আছে ৷ শেষত গৈ মানুহৰ মুখত গ্ৰেনেডটোৰ যি আকাৰ পালেগৈ যে তাক দলিয়াবলৈ স্বয়ং ৰজনীকান্ত ডাঙৰীয়াইও চিন্তা কৰিব লাগিব ৷ বহুতে কলে ৰঙা ইন্ডিকাত আহি বোমা দিছে বহুতে কলে বগা মাৰুতী ৷ মানুহৰ ভিৰ ফালি অলপ আগুৱাই গৈ দেখিলো বোমাটো বালিৰ বস্তা দি আবৰি ৰাখিছে ৷ অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী দুইখন আৰু আৰক্ষীৰ 10-15 জনীয়া দল এটাই বোমাটোৰ ওচৰত পহৰা দি আছে যাতে কোনো লোক বোমাটোৰ ওচৰ চাপিব নোৱাৰে ৷ সময়ৰ লগে লগে ভিৰ বাঢ়ি গৈ আছে আৰু ৰাইজো বোমাটোৰ কাষ চাপি গৈ আছে ৷ মাজে মাজে আৰক্ষীৰ লোক সকলে অলপ চলাফিৰা কৰিলে ৰাইজে ভয়ত পিছুৱাই যায় যদিও কিছু সময়ৰ পাচতেই পুনৰ নিজৰ নিজৰ স্থান দখল কৰে ৷ কোনে কোনো লোকে হঠাতে ফুটিল ফুটিল বুলি কিৰিলীও পাৰে ৷ কেচুৱা কোছত লৈ অহা এগৰাকী বোৱাৰীয়ে আকৌ কোনোবাই সোধাত উত্তৰ দিছে যে ঘৰৰ সকলো বোমা চাবলৈ আহিছে গতিকে মইও আহিছো, সদায়নো ক'ত বোমা ওলায় ৷ কোনো কোনো ডেকাই আকৌ ফেচবুকত আপলোড দিবৰ বাবে মোবাইলত বোমাৰ ফটো তোলাত ব্যস্ত ৷ ডেকা সকলৰ মাজত কোনে বোমাটোৰ কিমান ওচৰ চাপিব পাৰে তাৰ অঘোষিত প্ৰতিযোগিতা চলিছে ৷ কোনোৱে আকৌ ফোনত ব্যস্ত, জান জানানে আমাৰ ইয়াত গ্ৰেনেড পাইছে, মই একেবাৰে স্পটত আছো, লাভ য়ু জান, মই মৰি গলে প্লিজ মন বেয়া নকৰিবা ৷
এনেতে ভূতৰ ওপৰত দানৱ ওলোৱাদি ওলালহি কেমেৰা সহ টিভি সাংবাদিক ৷ লগে লগে পৰিবেশটো যেন কিবা ৰোমান্তিক হৈ গ'ল ৷ সকলোৱে নিজকে এবাৰ তলৰ পৰা ওপৰলৈ চোৱাত ব্যস্তহৈ পৰিল ৷ কিজানি টিভিত লাইভ ওলোৱাৰ সুযোগ পায় ৷ এনে সুযোগ পাইও হেৰুৱা জন গজমুৰ্খ ৷ দুই এজনে কানত ফোনটো লগাই কেমেৰাৰ সন্মুখেৰে দুই তিনি পাক মাৰি আহিল যাতে যদি কেনেবাকৈ টিভিত ওলায় সিফালৰ জনে ফোনতে গুড নিউজটো দিব পাৰে ৷ দুই এজন সচেতন নাগৰিক আকৌ সাংবাদিকৰ পাছে পাছে , কিজানি তেও লোকৰ মন্তব্য বিচাৰে ৷ এই সুযোগতে অচিন সন্ত্ৰাসবাদী কেইজনক ৰাজহুৱা ভাৱে গৰিহনা দিব পৰা যাব বুলি তেওলোকে মনতে ভাষন আওৰাব লাগিছে ৷ দুজন মান ৰঙীন লোকে চাল্লুভাইৰ দৰে উদং দেহাৰে এনে ভংগীমা দেখুওৱাত লাগিছে যেন তেওলোকক দ্বায়িত্ব দিলেই হ'ল, এইমাত্ৰ বোমাটো মোহাৰি গছকি নিষ্ক্ৰিয় কৰি দিব ৷
হঠাতে মানুহৰ ভিৰ আতৰাই আৰক্ষীৰ লোকে এখন থেলাগাড়ী আনি বোমাটো বালিৰ বস্তাৰ হৈতে কিছু সময় যুজঁ বাগৰ দি থেলা খনত উঠালে আৰু বাঁহ দুইডাল থেলাগাড়ীৰ দুয়োকাষে বান্ধি বোমাটো লৈ গুছি গ'ল ৷ লগে লগে সকলে ৰাইজ শোকাকুল হৈ উঠিল ৷ ইমান পৰে চলি থকা এখন উত্তেজনাপুৰ্ন খেল যেন শেষ হ'ল ৷ এই গেলা গৰমত তাতে কাৰেন্ট নাই যি অলপ মনোৰঞ্জনবোমাটোৰ যোগেদি চলি আছিল সিও শেষ হ'ল ৷

ঘৰত আহি দেউতাক সকলো বিৱৰি কোৱাত কলে বোলো বোপা আগৰদিনৰ বোমাতংক আজিকালি নাই এতিয়া হৈছে বোমানন্দৰ যুগ ৷

Saturday 15 September 2012

এটি সতেজ পুৱা.......


ৰাতিপুৱাৰ সতেজ বতাহত মনতোযেন সতেজ হৈ পৰিছে ৷ ৰাতি দি যোৱা বৰষুণ জাকে ধুলিবোৰ ধুৱাই নিলে৷ বতৰতো গোমা,এই যেন এজাক বৰষুণ আহো আহো কৰি আছে৷ মোৰ পিছে গোমা বতৰ বিৰাট ভাল লাগে ৷

আজি বহুত দিনৰ পিছত পুৱা 5:30 ত উঠিলো৷ যোৱা দুইদিন ধৰি প্ৰিয়জনৰ ওচৰত দিন কটাই পুনৰ কৰ্মস্থলীলৈ ঘুৰি যাবৰ বাবে পুৱা উঠিব লগা হল৷ কব নোৱৰাকৈ মুখত হাহি এটা ফুটি উঠিল ৷ যোৱা কেইদিনৰ স্মৃতি বোৰে আমনি দি আছে৷ সচাই প্ৰেম এক স্বৰ্গীয় অনুভূতি৷

পুৱাই পুৱাই অহাৰ ইচ্ছা নাছিল যদিও উপায় নাই, চাকৰি বুলিলেই চাকৰ৷ আজি জইন কৰিবই লাগিব, সেয়ে পুৱা 5:30 ত শুৱাৰ পৰা উঠি 6:30 ত খানাপাৰাত বাছৰ বাবে বোন্দাপৰ দি ৰৈ আছো৷ মই পিছে বাছত কৈ উইংগাৰৰ দৰে দ্ৰুত গামী সৰু গাড়ীত ভ্ৰমন কৰাতো ভাল পাওঁ সময় কম লাগে ৷ আজিকালি সকলোৰে সময়ৰ নাটনি৷ ধন খৰচ কৰি সময় কিনি আছো সকলোৱে৷ গতিকে গন্তব্যস্থল সোনকালে পাব লাগে ৷

নগাওঁ অভিমুখী উইংগাৰ খনৰ খিৰিকী ৰ কাষৰ আসন খনত বহি কানত হেডফোন ডাল লগাই ললো৷ Enriqueৰ Hero গানতো বাজি উঠিল৷ মনতো পুনৰ প্ৰিয়জনক কাষ পালেগৈ ৷ খিৰিকীৰে মেঘালয়ৰ মেঘে ধকা পাহাৰ ৰ পৰা এচাতি শীতল বতাহ বৈ আহিল৷ কিবা এটা বুজাব নোৱৰা আবেগে মনত দোলা দিব ধৰিলে ৷

"দাদা ভাৰাতো দিব৷" হঠাৎ গাড়ীৰ কৰ্মচাৰীজনে হেচুকি দিলে৷ কানৰ হেডফোন ডাল গুচাই ভাৰাতো দিলো৷ পাতল বৰষুণ এজাক নামি আহিল ৷ খিৰিকী খন জপাই কানত পুনৰ হেডফোন ডাল গুজি ললো৷

এইবাৰ পাপনৰ "আইলৈ মনতে পৰে" গানতো বাজিল৷ মাৰ মুখ খন চকুৰ আগত ভাহি আহিল ৷ লখিমপুৰৰ ঘৰ খনলৈ নোযোৱাবহুদিন হল ৷ মা,দেউতা,ভন্টী আৰু ভাইটিৰ আশা ভৰা মুখ কেইখন মনত পৰিল৷ ঘৰৰ দায়িত্ব সমুহৰ কথা মনত পৰাত বুকুখন বিষাই গল৷ পজা ঘৰটোৰ ঠাইত এটা পকীঘৰ বনাব লাগে,মা দেউতাক চিকিৎসা কৰাব লাগে, ভন্টীৰ বিয়া খনো বাকী আছে৷ এইবোৰ কথাৰ পৰা আৰু কিমানদিনলৈ পলাই ফুৰিম৷ যিটো চাকৰি কৰো নিজলৈকে নাটে৷ পলায়নবাদী মনোভাৱেৰে চলিলে নহব৷ এইবাৰ এটা ভাল চাকৰি যোগাৰ কৰিবই লাগিব৷ চোৰ ডকাইতি কৰাৰো সাহস নাই ৷ মনতো অস্থিৰ হৈ পৰিল ৷ ঘৰৰ দায়িত্বৰ ওপৰিও নিজৰ বিয়াখনৰো কথা আছে৷

এইবোৰ কথা মনতো বিদ্ৰোহী হৈ পৰিল৷ আজিকালি সচাঁকৈ টকাই ভগৱানৰ ৰূপ লৈছে৷ ঘৰৰ সকলোৰে আশা ভৰসা মই আৰু মোৰ একমাত্ৰ ভৰসা টকা ৷ মোক বহুতো টকা লাগে, বহুতো৷ সৰুতে হিন্দী পুথিত পঢ়া ৰুপীয়া নামৰ কবিতাতো মনত পৰিল৷

কাষৰ মানুহজন নামি যোৱাত অলপ আৰামত ভৰি দুখন মেলি দিলো৷ এনেতে কাষৰ আসন খনত এটা বেগ চকুত পৰিল৷ কাৰ বেগ হব পাৰে বুলি ইফালে সিফালে চালো৷ সকলো নিজকলৈ ব্যস্ত ৷ হয়তো নামি যোৱা যাত্ৰী জনৰ হব বেগতো৷

মনৰ মাজৰ চয়তানতো জাগি উঠিল৷ বেগতো টানি আনি খুলি চালো৷ টকাৰ বান্দিল কেইটামান আৰু কিবাকিবি কাগজ পত্ৰৰে ভৰি আছে বেগতো৷ মোৰ চকু দুটা তিৰবিৰাই উঠিল ৷ আনুমানিক প্ৰায় দুই তিনি লাখ টকা হব লাগে৷ মনত মা দেউতাৰ আৰু প্ৰিয়জনৰ আশা ভৰা মুখ কেইখন ভাহি আহিল ৷ মোক বৰ্তমান টকাৰ বহুত প্ৰয়োজন ৷ সম্পুৰ্ণভাৱে নহলেও অন্তত মোৰ জীৱনতো কিছুপৰিমাণে গত লগোৱাত সহায়ক হব পাৰে এই টকাখিনি৷ বেগকো বন্ধ কৰি মোৰ কোলাত লৈ ললো৷ হেডফোনত 50 cent ৰ "Get rich or die tryin..." গানতো বাজি আছে৷ মনতে পৈশাসিক আনন্দৰে ভৰি পৰিল৷

তই ইমান নীচ কাম কৰিব পাৰ বুলি ভবা নাছিলো..মনৰ ভিতৰৰ পৰা এটা চেপা মাত ভাহি আহিল৷ লাহে লাহে চেপা মাততো ডাঙৰ হৈ আহিব ধৰিলে৷ কান দুখন হেচা মাৰি ধৰিলো৷ মাৰ মুখ খন আকৌ চকুৰ আগত ভাহি আহিল৷ এইবাৰ মাৰ চকুত আশা নাই, আছে মোৰ প্ৰতি ঘৃনা৷ চকুহাল মুদি দিলো৷ মই বিবেক দংশনত ভূগিব ধৰিলো৷ নিজকে সান্তনা দিলো সৎ আৰু অসৎৰ মাজৰ ক্ষীণ ৰেখাডাল কোনোমতে পাৰ কৰিব পাৰিলে আৰু বিবেক নাথাকে৷ মই অভাৱৰ পৰা মুক্ত হবলৈ এটা সুযোগপাইছো আৰু এনে সুযোগ হাতৰ পৰা যাব দিব নোৱাৰি৷ এই বেগতো মোৰ হয় আৰু ইয়াত থকা সকলো টকা মোৰ৷ মই বেগকো জোৰত খামুচি ধৰিলো৷

"হেৰি কি কৰে?
মোৰবেগতোনিজৰ কোলাত লৈ খামুচি ধৰিছে যে৷ ৰাতিৰ নিচা ফটাই নাই নেকি? এই মৰ টোপনি ধৰা মানুহ বোৰে কিয় পুৱাই যাত্ৰা কৰে জানো৷ "

কাষৰ আসনৰ ভদ্ৰলোক জনৰ চিঞৰত জাপ মাৰি উঠিলো৷ সপোনৰ জালত কত কি কৰিলো গমেই নাপালো৷ লাজতে ৰঙা ছিঙা পৰি গলো৷ ধেৎ কিযে কৰিলো৷ গাড়ীৰ আন যাত্ৰী সকলে চিৰিয়াখানা ৰ জন্ত চোৱাৰ দৰে চাৱনিৰে চাব লাগিছে৷ তেখেতলোকক কেনেকৈ বুজাও যে ৰাতি সিবিধ সেৱন কৰা নাই, পুৱাৰ সতেজ বতাহহে খাইছিলো৷ তাকে যেনিবা মোৰ দৰে নিশাচৰ যুবকে হজম কৰিব নোৱৰাত এই লটিঘটী খন হল৷

কানৰ হেডফোনত The crannberries ৰ dreams গানতো বাজি উঠিল৷আধা দেখা সপোনতোমনতে সম্পুৰ্ণ কৰাৰ বাবে চকুহাল মুদি পুনৰ শুই পৰিলো৷

Friday 7 September 2012

আপোনাৰ ব্যৱহাৰেই আপোনাৰ পৰিচয় ৷

লখিমপুৰ সাহিত্য সভা অধিবেশনৰ সময়ৰ কথা ৷ গা একেবাৰে সাত খন আঠ খন ৷ ঘৰৰ ওচৰতে অধিবেশন যেতিয়া কোনে পাই আৰু ! আগতে কেতিয়াও সাহিত্য সভা দ্ৰশনৰ সৌভাগ্য হোৱানাছিল যদিও জেষ্ঠ্য জনৰ মুখত আৰু বাতৰি কাকতৰ যোগেদি অলপমান ধাৰনা এটা মনত আছিল ৷

ঘৰত এমাহ আগতেই কৈ থৈছো এইবাৰ কিন্তু কিতাপ কিনাৰ বাবে অলপ সৰহ কৈ পইছা লাগিব ৷ নিজে বাছি বাছি কিতাপ কিনিম ৷

মোৰ লগতে সকলো লখিমপুৰীয়া ৰাইজে অধিৰ আগ্ৰহেৰে সভালৈ অপেক্ষা কৰি আছো ৷ লগৰ টিকু সতে আকৌ সভাথলীত তামোল পানৰ দোকান দিব লগতে কেচা বুটৰ চানাও থাকিব বোলে ৷ কনমইনা সতে ঘৰৰ চোতালত চাইকেল ৰখাৰ ব্যৱস্থা কৰাৰ কথাও ভাবিছে ৷

সভালৈ বেছি দিন নাছিল হঠাৎ গম পালো এই বাৰ সভা বোলে দুই স্থানত অনুস্থিত হব ৷ সাহিত্য সভাৰ ইতিহাসত প্ৰথম বাৰৰ বাবে এনে হব বোলে ৷ সকলোৰে মুখত এটাই কথা এই ৰাজনীতি বিদ সকলে লখিমপুৰৰ নাম বদনাম কৰিলে ৷ মই এই বোৰ একো বুজা নাছিলো যদিও মনতো বেয়া লাগিছিল৷ ছেঃ দুটা থলীত সভা অনুস্থিত হলে কত কি চাম ??

চাইকেল খন কিন্তু মোক লাগিব, নহলে সভাৰ এটা থলীৰ পৰা অন্য থলীলৈ খোজকাঢ়ি অহাযোৱা কৰিব অসুবিধা হব বুলি দেউতাক কলো৷দেউতাই বোলে হব দে, সভালৈ আৰু অলপদিন আছে নহয়, এই কেইদিন অলপ পঢ়ি ল৷ পাছত কত পঢ়িবি ৷ এই দেউতাও যে সকলো সময়ত কেৱল পঢ়াৰ কথা ৷
চাওতে চাওতে অধিবেশন আহি পালেহি৷ প্ৰথম দিনা পুৱাই নাকে মুখে ভাত মুঠি সোমুৱাই শোভাযাত্ৰা চাবলৈ চাইকেল লৈ ওলালো ৷ কি বিশাল শোভাযাত্ৰা আৰু জনসমুদ্ৰ ৷ অভিভূত হৈ পৰিলো ৷ এনেতে দুৰ সম্পৰ্কীয় দাদা এজনক লগ পালো ৷ দাদাৰ আকৌ কিতাপৰ বিৰাট পোক ৷

তোৰ চাইকেল খন আছে যেতিয়া ভালেই হল, ব'ল গ্ৰন্থমেলাৰ পৰা আহো গৈ বুলি দাদায়ে মোক আনটো থলী লৈ লগ ধৰিলে ৷ মনতে ভালেই পালো ৷ দাদা আছে যদি ভাল কিতাপ কেইখনমান কিনা হব ৷

মানুহৰ ভিৰৰ মাজত মোক পাছৰ কেৰিয়াৰত বহোৱাই লৈ দাদায়ে তিনি কিল'মিটাৰ মান দুৰত হোৱাআনটো থলীলৈ চাইকেল মৰা আৰম্ভ কৰিলে ৷ কিছুদুৰত যোৱাৰ পাছত হঠাৎ এগৰাকী মহিলা দুয়োহাতে দুটা কিতাপৰ বৃহৎ মোনালৈ চাইকেলৰ আগত ওলাল আৰু কোনোমতে ব্ৰেক মাৰি দাদায়ে চাইকেল খন ৰখালে যদিও মহিলা গৰাকীৰ হাতত লাহেকৈ এটা খুন্দা লাগিল ৷

বেয়া নাপাব বাইদেউ এই ভিৰত হঠাৎ আগত ওলালে বাবে লাহেকৈ খুন্দা লাগিল বুলি দাদায়ে মহিলা গৰাকীক ক্ষমা প্ৰাথনা জনালে৷ লগে লগে ভদ্ৰ মহিলাই গোসানীৰ ৰুপ ললে আৰু চিঞৰিব চিঞৰিব গালি দিব ধৰিলে ৷ চিঞৰ বাখৰ শুনি দুই চাৰি জন লোক আগবাঢ়ি আহিল ৷ মনতে ভাবিলো আজি পাব্লিক ধুলাই এটা খালো অাৰু ৷ ইমানতে যেনিবা ওচৰতে দোকান দি থকা টিকুৰ দেউতাকে কথাতো গম পাই সকলোকে বুজালে আৰু মহিলা গৰাকীকো ক্ষান্ত কৰালে ৷ ৰক্ষা প্ৰভূ কোনোমতে আজিলৈ বাচিলো ৷

দাদায়ে ভিজা মেকুৰীৰ দৰে তল মুৰ কৰি চাইকেল খন ঠেলি ঠেলি গ্ৰন্থমেলাৰ ফালে বাট ললে, পাছে পাছে ময়ো বাট ললো ৷ অলপদুৰ যোৱাৰ পাছত লক্ষ্য কৰো যে দাদাৰ চকু চলচলীয়া ৷ থুকা থুকি মাতেৰে দাদাই কব ধৰিলে, এই যে তথাকথিত ভদ্ৰ মহিলা গৰাকী তেখেত উচ্চ শিক্ষিত, হাতত কিতাপৰ মেটমৰা সম্ভাৰ কিন্তু তেখেতৰ জ্ঞান দেখিছ ৷ তেওঁ কিতাপ নপঢ়ে কেৱল ঘৰত সজাই থোৱাৰ চখ ৷ নহলে তেওঁ এনে অভদ্ৰতা নকৰিলে হয় ৷ আমাক এনে ব্যৱহাৰ কৰাৰ আগত পৰিস্থিতিতো বুজিলে হয় ৷

মইনো কি বুলি দাদাক সান্তনা দিও ভাবি পোৱা নাছিলো ৷ কেৱল চকুৰ আগত সাপ্তাহিক বজাৰৰ বাচ খনত লিখি থোৱা এষাৰি বাক্য জিলিকি আছিল৷

আপোনাৰ ব্যৱহাৰেই আপোনাৰ পৰিচয় ৷

Saturday 1 September 2012

নানা পাটেকাৰৰ এটি সংলাপ আৰু কিছু বিক্ষিপ্ত চিন্তা

বহুত দিনৰ আগতে নানা পাটেকাৰৰ এখন ছবি চাইছিলো৷ প্ৰহাৰ নামৰ ছবি খনত অভিনয় ৰ লগত পৰিচালনাও তেখেতৰেই আছিল ৷ আজি হঠাতে ছবি খনৰ এটা সুন্দৰ সংলাপ মনত পৰি গল ৷ ছবি শেষৰ ফালে ন্যায়লয়ৰ কাঠগড়াৰ পৰা নানা পাটেকাৰৰ উদাত্ত কন্ঠত সংলাপ " বিনামুল্যত পোৱা স্ৱাধীনতাৰ বাবে বহুতেই স্ৱাধীনতাৰ প্ৰকৃত অৰ্থ বুজি নোপোৱা হৈছে " ৷ সংলাপৰ শেষত দৰ্শকৰ সুহুৰি আৰু হাতচাপৰি ৷

সচাকৈ কি সুন্দৰ সংলাপ ৷ হাজাৰ মুক্তিযোদ্ধাৰ তেজেৰে লিখা এই স্ৱাধীনতাৰ আজি মুল্য কিমান ?
গান্ধীজীৰ এই সংগ্ৰামত কি অৱদান তাক নকৈ কোৱাৰ প্ৰয়োজনীয়তা নাই ৷ কিন্ত গান্ধীজীক লৈ আমাৰ ঠাট্টা মস্কৰাৰঅন্ত নাই ৷ বহুতে দেশ বিভাজনৰ আৰু বৰ্তমান দেশৰ দুৰৱস্থাৰ মুল দোষী গান্ধীজী বুলিও কয় ৷ আচলতে সম্যক জ্ঞান নথকা লোক সকলেহে এনে টুলুঙা মন্তৱ্য কৰে ৷ কিছুমানে আকৌ তেখেতৰ নামৰ ৰাজনীতি কৰি ৰাজপাট খাই আছে ৷

যি কি নহওঁক মুল কথাতো হৈছে কলা ধন আৰু জন্মস্বতে লাভ কৰা স্ৱাধীনতাৰ অপব্যৱহাৰ কৰা লোক সকলক চাগে সকলো সচেতন লোকে লক্ষ্য কৰিছে ৷

আনহাতে গনতন্ত্ৰৰ অপব্যৱহাৰ কৰিবলৈ পাবত গজা দল সংগঠন সমুহতো আছেই ৷ যাৰ মন গৈছে
সিয়েই যিকোনো বিষয়ক লৈ অহৈতুক বিতৰ্ক, ধৰ্না, বন্ধ, অনশন কৰিছে আৰু নিজৰ অস্তিত্ব যাহিৰ কৰিছে ৷
মোৰ এজন বন্ধুৱে কৈছিল আমি ভাৰতীয় বোৰ হেনো বৰ ভাল অনুগামী ৷ নিজৰ বিবেক বুদ্ধিৰে বিচাৰ কৰাত কৈ বেলেগক অনুসৰণ কৰি ভাল পাও ৷ সেয়ে আমাৰ নেতা পালি নেতাৰ অভাৱ নাই ৷ গনতন্ত্ৰৰ দোহাই দি যাৰ যি মন যায় তাকেই কৰাৰ ফলত এক বিশৃংখলতা ৰ সৃষ্টি হৈছে , অৰাজকতা ৰ সৃষ্টি হৈছে ৷

এই সকলো সমস্যাৰ এক সহজ সৰল উদাহৰনো কিন্তু প্ৰহাৰ ছবি খনৰেই আন এটা সংলাপৰ যোগেদি নানা পাটেকাৰে দিছে৷ সকলো ভাৰতীয়ৰ বোলে দুই চাৰি বছৰৰ বাবে সেনা বাহিনীত যোগদান কৰাটো বাধ্যতামূলক কৰিব লাগে বুলি কৈছে নানা পাটেকাৰে৷ কথাটো পিছে নোহোৱা নহয়৷ সেনাৰ নিয়মানুবর্তিতঅনুশাসনত দুই চাৰি বছৰ কটোৱাৰ পিছত সকলোৱে মোৰ বোধেৰে শৃংখলাবদ্ধ ভাবে জীৱন কটাব আৰু ল্ৱাধীনতাৰ মুল্য অলপ ললেও বুজিব৷

দেশ খন যি দিশত আগবাঢ়ি আছে কেতিয়াবা এনে লাগে যেন ভবিষ্যতে ধনী আৰু দুখীয়াৰ মাজত ভাৰত খন স্পষ্ট ভাবে বিভাজিত হৈ পৰিব ৷ আমাৰ দৰে মধ্যবিও নাথাকিবই চাগে ৷ থিক হলীউডৰ বহু ছবিত দেখুওৱাৰ দৰে এক ধনী বিলাসী জগত আৰু এক দুখীয়া অপৰাধৰ কলা জগত আৰু এই দুই পক্ষৰ মাজত অস্তিত্বৰ যুজ৷

কেতিয়বা এজন সাম্যবাদী বন্ধুৰ কিছুমান কথাও মনত পৰে৷ তেওৰ মতে সাম্যবাদে ব্যক্তি স্ৱাধীনতাত অলপ বেয়া প্ৰভাৱ পেলাব যদিও দেশ আৰু দহৰ ভালৰ বাবে এই কন ত্যাগ কৰিবই লাগিব৷
উদাহৰন স্বৰুপে বন্ধুৱে কয় যে চা স্কুলত থাকোতে কিমান শাসনত আছিলি, ব্যক্তি স্ৱাধীনতা নাছিল কিন্তু কলেজত পাই কি হল ক্লাছ নকৰি চিনেমা চাব ললি ৷

দেশৰ আৰু দহৰ কাৰনে ত্যাগ কৰাতো মহান তেন্তে আমি সকলোৱে মিলি এটা সুন্দৰ ভবিষ্যতৰ বাবে অলপ ত্যাগ কৰিব নোৱাৰিম নে????;
এজনে মাছে মঙহে আৱা আথানি কৰি খাব আৰু দহ জনে লঘোনে শুব ই কেনে কথা? ???

বহুতৰ মতে মই সাম্যবাদক সমৰ্থন কৰোকাৰন মই মধ্যবিও , ধনী হোৱা হলে ধন তন্ত্ৰক সমৰ্থন কৰিলো হয় ৷ এই কথাষাৰৰ সত্যতা ধনী হলেহে গম পাম !!!

কিন্তু ভাৰতৰ দৰে এখন ভৌগলিক আৰু জৈৱ বিচিত্ৰ দেশত জানো ই প্ৰযোজ্য হব??????

যিয়েই হওক আমাক ফিডেল কেষ্ট্ৰোৰ দৰে এজন নেতা লাগে বাকী পিছত দেখা যাব ৷

Thursday 30 August 2012

The Corrupted Common Men

ৰাতিপুৱা টিভিত খুলিলে বা পেপাৰ খন মেলিলে কোটি কোটি টকাৰ দুৰ্নীতিৰ খবৰ পোৱাটো এটা সাধাৰণ কথাত পৰিনত হৈছে ৷ কিন্তু কেতিয়াবা ভাবিছে নে যে এই দুৰ্নীতি কেনেকৈ সাধাৰণ ৰাইজৰ মাজত শিপাইছে?????

প্ৰথমে ৰাজনীতীবিদ তাৰপিছত চৰকাৰী চাকৰীয়াল সকল আৰু এতিয়া সৰ্ব সাধাৰন ৰাইজো দুৰনীতিগ্ৰস্ত হল৷
( বি•দ্ৰ• যিসকল চৰকাৰী চাকৰীয়াল নিকা আছিল তেওঁলোকো মুল্যবূদ্ধিৰ প্ৰকোপত আৰু ঘৈনীৰ আব্দাৰত অতি সোনকালেই দুৰনীতিগ্ৰস্ত হোৱাতো খাতাং)৷

আচলতে ৰাইজৰ মাজত দুৰনীতিৰ বিস্তাৰ প্ৰধান ভুমিকা চৰকাৰৰ ৷ চৰকাৰ খন নিজেই টো দুৰনীতিত পোতাখাই আছে এতিয়া ৰাইজকো অলপ সোৱাদ দি পৰাচিত হব বিচাৰিছে ৷

চৰকাৰৰ এই মহৎ উদেশ্য (!) সাধনৰ আহিলা হৈছে ৰাইজৰ বাবে প্ৰস্তুত কৰা হাজাৰ হাজাৰ আচনি সমুহ৷ এই আচনি সমুহৰ যদিও প্ৰকৃত উদেশ্য সফল হোৱা নাই তথাপি ইয়াৰ যোগেদি চৰকাৰৰ উদেশ্য কিন্তু সফল হৈছে৷ ( যি দুই চাৰি খন আচনিৰ যোগেদি এক দুই হাজাৰ ৰাইজ উপকৃত হৈছে , তাক এই লেখাত ধৰা হোৱা নাই)৷

আপোনাৰ বাবে ঈন্দিৰা আবাস যোজনাৰ ঘৰ, অন্নপুৰ্না আচনিৰ চাউল,ৰাজীৱ গান্ধী যোজনাৰ বিদ্যুত আদিক ধৰি কত সুবিধা লগত আপোনাৰ বেকাৰ লৰাটোৰ বাবে যুব কংগ্ৰেছ আছেই৷ ইয়াৰ ওপৰিও NREGA ৰ মাহিলী হাত খৰচ ৷ বিনিময়ত পন্ছায়তৰ দালালক কিছু আপ্যায়ন আৰু নিৰ্বাচনত আপোনাৰ বহুমূলীয়া ভোটটো হাতৰ চিনত দিলেই হল৷

পাচ বছৰ ধৰি ইমান সুবিধা আৰু পাচ বছৰৰ মুৰত নিৰ্বাচনৰ আগে আগে কম্বল, আঠুৱা আৰু ৰঙীন পানীয়ৰ বটলটো পোৱাটো নিশ্চিত ৷ গতিকে কোন গজমুৰখে চৰকাৰৰ দুৰনীতিৰ হিচাপ ৰাখে ৷ আগৰ চৰকাৰে অকলে খাই হজম কৰিছিল এতিয়াৰ চৰকাৰে আমাকো ভাগ দিছে৷ গতিকে মিলিজুলি খোৱাতো হে বুদ্ধিমানৰ পৰিচয়৷

গতিকে পন্ছায়তী ব্যৱস্থাই জন্ম দিয়া দালাল তন্ত্ৰৰ যোগেদি দুৰনীতি বৰ্তমান ৰাইজৰ হাড়ে হিমজুৱে শিপাই পৰিছে ৷

এটা ৰাজহুৱা বিত্তীয় প্ৰতিস্থানৰ কৰ্মচাৰী হোৱা হেতুকে দৈনিক নানা প্ৰকাৰৰ ৰাইজৰ দ্বাৰা সংঘতিত দুৰনীতি চকুত পৰে৷ মুখ্যতঃ ভুৱা জব কাৰ্ড হিতাধীকাৰিৰ দুৰনীতি বেছি যদিও বাকী বহোদুৰনীতিও ৰাইজে কৰা দেখা যায়৷ ঘৰত গৰুৰ নাম গোন্ধ নাই অথচ টকা পাচশ কৃষি বিষয়াক ঘোচদিলেই পাচ হাজাৰ টকাৰ দুগ্ধ উন্নয়নৰ চেক পোৱা যায়৷ নিজৰেই পৰিয়ালৰ লোক মিলি আত্ম সহায়ক গোটৰ নামত িবভিন্নআচনিৰ ৰাজ সাহায্য আত্মহাত কৰাটো আছেই ৷ আৰু কত কি চৰকাৰী আচনিৰ নামত চৰকাৰী ধন চৰকাৰ আৰু ৰাইজ সমানে মিলি খোৱাত লাগিছে তাৰ হিচাপ কোনে ৰাখিছে? ????

গতিকে চৰকাৰী দুৰনীতি বিৰুদ্ধে মাত মাতি লঘোনে শুৱাত কৈ মনে মনে চৰকাৰৰ লগত দুৰনীতিত লিপ্তহৈমাছে মঙহে খাই নাক বজায় শুৱাই ভাল জাতীয় ভাব ৰাইজৰ মাজত শিপোৱাতো কোনো আচৰিত কথা নহয় বুলি এতিয়া নিশ্চয় বুজিব পাৰিছে৷

অনুগ্ৰহ কৰি ভাবি চাওক চোন প্ৰতক্ষ্যভাৱে নহলেও পৰোক্ষভাৱেআমিও দুৰনীতিত লিপ্ত নহয়তো?????